সপোন

আকাশ এখন আছিল  
লাহে লাহে কেনিবা গৈ আছে
ময়ো গৈ আছো পিছে পিছে

কাষত মোৰ ডঁৰিয়লি সপোন
স্বপ্নবৰ্ষাস্নাত মোৰ শৰীৰ
তলত বোকা
তথাপিও গৈ আছো
মই গৈ আছো
চকু মেলি দেখো
এতিয়াও মাজনিশা

No comments:

Post a Comment