মূলঃ ছাদাত হাচান মাণ্ট’ (১৯১২-১৯৫৫)
অনুবাদঃ এল. এক্স. প’লিন হাজৰিকা
বিয়লি দুই বজাত অমৃতসৰ এৰা বিশেষ
ৰেলখন আঠ ঘন্টা পাছত মোগলপুৰা ষ্টেছনত উপস্থিত হ'লহি। ৰাস্তাত বহুতকে হত্যা কৰা হ'ল। কিছু ঘূণীয়া হ'ল আৰু আন কিছুৱে প্ৰাণ বচাই পলাই সাৰিল।
পুৱা চকু মেলি চাৰিওফালে অচিনাকি
মানুহৰ ভিৰ দেখি চিৰাজ উদ্দিনৰ হুচ হেৰাল। বহুসময় সি আকাশৰ পিনে বহুসময় চাই ৰ'ল। শিৱিৰটো বিভিন্ন ৰকমৰ চিঞৰ
বাখৰৰে তালফাল লাগি আছিল। কিন্তু বুঢ়া চিৰাজ উদ্দিনৰ কাণত যেন কোনোবাই ঠিলাহে ভৰাই
থৈছে। চিঞৰ বাখৰবোৰে তাক চুবই পৰা নাছিল। সি কোনো ধ্যানত মগ্ন। প্ৰকৃততে চিৰাজ উদ্দিনে তাৰ সকলো চিন্তাশক্তি
হেৰুৱাই পেলাইছে। এতিয়া সি এক শূণ্যত ওলমি আছে মাথোন।
উদাসীনভাৱে আকাশলৈ চাই থাকোতে
পোহৰে তাৰ চকু ছাট্ মাৰি ধৰিলে। সূৰ্যৰ ৰশ্মিৰ কণিকাবোৰ তাৰ তেজৰ প্ৰতিটো কোণতে
বিয়পি পৰিছিল। সি উঠি বহিল। টুকুৰা টুকুৰ ছবি
কিছুমান তাৰ মনৰ মাজেৰে পাৰহৈ গ'ল। ধ্বংস... জুই... পলায়ণ... গুলী... অন্ধকাৰ... আৰু
চাকিনা।
চিৰাজ উদ্দিন খকমকাই থিয় হ'ল আৰু ভূতে পোৱা মানুহৰ দৰে জনসমুদ্ৰত
চাকিনাক বিচাৰিবলৈ ধৰিলে। তিনি ঘন্টা সি কেৱল চাকিনাৰ নাম মাতি মাতি শিৱিৰটো ঘূৰি
ফুৰিল। কিন্তু চাকিনা ক'তো নাই। সকলোতে যেন অৰাজকতা। যদি কোনোৱে সন্তানক বিচাৰিছে, তেন্তে আন কোনোৱে নিজ মাতৃ, পত্নী অথবা কন্যাক বিচাৰি হাবাথুৰি খাইছে।
এটা সময়ত ভাগৰত অৱশ হৈ চিৰাজ
উদ্দিন বহি পৰিল। চাকিনাৰ লগত এৰাএৰি হোৱা স্থান আৰু মূহুৰ্ত সি মনত পেলাবলৈ
চেষ্টা কৰিলে। কিন্তু তাৰ মনলৈ আহিল কেৱল নাৰী ভূৰু ওলাই পৰা তাৰ ঘৈণীয়েকৰ
মৃতদেহটো। সি আৰু ভাৱিব নোৱাৰিলে।
খালী ভৰিৰে সি আৰু চাকিনা দৌৰিছিল।
চাকিনাৰ গাৰ দোপাট্টা খহি পৰিছিল। পৰি ৰোৱা দোপাট্টাখন সি বুটলিবলৈ ৰৈ দিয়া দেখি
চাকিনাই চিঞৰিছিল 'আব্বাজান, বাদ দিয়ক। কিন্তু সি বুটলি ল'লে। কথাষাৰ মনলৈ অহাৰ লগে লগে
অজানিতে তাৰো হাতখন জেপটোলৈ সোমাই গ'ল। চাকিনাৰ দোপাট্টাখন। কিন্তু তাই ক'ত?
চিৰাজ উদ্দিনে মগজুত জোৰ দিলে। চাকিনা আৰু
সি ষ্টেছন আহি পাইছিলহিনে? তাই বাৰু তাৰ লগতে ৰেলত উঠিছিলনে? ৰেলখন যেতিয়া ৰাস্তাত ৰখাইছিল আৰু
বিদ্ৰোহীবোৰ ভিতৰলৈ সোমাই আহিছিল তেতিয়াই সি অচেতন হৈ পৰিছিল আৰু তাৰ ওচৰৰ পৰা
চাকিনাক আঁতৰাই লৈ যোৱা হৈছিল নেকি? সি চিন্তা কৰি একো ওৰ নাপালে।
উত্তৰহীন প্ৰশ্ন কিছুমানে তাক
জুমুৰি মাৰি ধৰিছিল। অলপ সান্তনাৰ প্ৰয়োজন আছিল চিৰাজ উদ্দিনক। তাৰ চৌপাশৰ
মানুহবোৰৰ প্ৰয়োজনো একেই আছিল। চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল তাৰ। কিন্তু চিৰাজ উদ্দিনৰ
চকুপানীবোৰ শিলহৈ পৰিছিল।
ছদিনৰ পাছত স্বাস্থ্যৰ কিছু উন্নতি
হ'লত চিৰাজ উদ্দিনে কেইজনমান ডেকাল'ৰাক লগ পালে। সিঁহত স্বেচ্ছাসেৱী দলৰ সদস্য আছিল। দলটি চিৰাজ উদ্দিনক
সহায় কৰাত আগ্ৰহী আছিল। সিহঁতৰ এখন ল'ৰী আৰু বন্দুক আছিল। চিৰাজ উদ্দিনে সিহঁতক আৰ্শীবাদ কৰিলে।
চিৰাজ উদ্দিনে দলটিক জীয়েকৰ বৰ্ণনা দিলে 'তাই বগী আৰু বৰ ধুনীয়া... তাই মাকৰ
দৰে ধুনীয়া, মোৰ দৰে নহয়। বয়স চৌধ্য বছৰ হৈছে, চুলিখিনি ক'লা... সোফালৰ গালত ডাঙৰ ক'লা মাহ এটা আছে। তাই মোৰ একমাত্ৰ ছোৱালী...
দয়া কৰি তাইক বিচাৰি দিয়া...। খোদাই তোমালোকক ৰহম কৰিব...।'
স্বেচ্ছাসেৱক দলটোৱে চিৰাজ উদ্দিনক
পুন:আশ্বাস দিলে। যদি চাকিনা জীয়াই আছে তাইক সোনকালেই বিচাৰি গতাই দিয়া হ'ব।
বহুত চেষ্টা কৰা হ'ল। চাকিনাক অমৃতসৰ পৰ্যন্ত বিচৰা হ'ল। বহুতকে স্ব-ভূমিলৈ ঘূৰাই অনা হ'ল। কিন্তু দহদিনৰ পাছতো চাকিনাৰ
কোনো সম্ভেদ নোলাল।
এদিন আগৰ দৰেই ওলাই যোৱা দলটোৱে
হঠাতে চুৰাটৰ ওচৰত ৰাস্তাৰ দাঁতিত ৰৈ থকা ছোৱালী এজনী দেখিলে। ল'ৰীৰ শব্দত ভয় খাই ছোৱালীজনী
দৌৰিবলৈ ধৰিল।
স্বেচ্ছাসেৱক বাহিনীৰ ল'ৰাবোৰে তাইক ধৰিবলৈ দৌৰি গ'ল। বহুত দূৰ পাছে পাছে দৌৰি অৱশেষত
সিঁহতি পথাৰ এখনৰ মাজত তাইক ধৰিবলৈ সক্ষম হ'ল। তাই বৰ ধুনীয়া আছিল আৰু সোফালৰ
গালত এটা ডাঙৰ ক'লা মাহ আছিল।
দলটোৰ
এজনে ক'লে, 'ভয় নকৰিবা। তুমি চাকিনা নেকি? প্ৰশ্নটো শুনি ছোৱালীজনী শেতা পৰি গ'ল। তাই মৌন হৈ থাকিল। পিছে সকলোৱে
আশ্বস্ত কৰাত তাই শান্ত হ'ল। তাই ক'লে যে তাইয়ে চাকিনা, চিৰাজ উদ্দিনৰ জীয়েক।
সকলোৱে
তাইক বৰ মৰম কৰিলে৷ তাইক কিবা এটা খাবলৈ দি ল’ৰীখনত উঠাই দিয়া হ’ল৷ দোপাট্টাখনৰ অবিহনে
অস্বস্তি পোৱাত কোনোবা এজন ডেকাই নিজৰ গৰম চোলাটো তাইৰ পিনে আগবঢ়াই দিলে৷
দিনবোৰ
পাৰ হ’ব ধৰিলে, কিন্তু চাকিনাৰ কোনো খবৰেই চিৰাজ উদ্দিনৰ হাতত নপৰিল৷ দিনৰভাগত চিৰাজ
উদ্দিনে চহৰখনৰ ইমুৰৰপৰা-সিমুৰলৈ আপাদকালীনভাৱে তৰা আশ্ৰয় শিবিৰবোৰত চাকিনাক বিচাৰি
ৰাতি সি স্বেচ্ছাসেৱক বাহিনীটোৰ সফলতাৰ বাবে খোদাৰ ওচৰত দোৱা মাগে৷
এদিন
শিবিৰত ঘূৰি ফোৰুতে চিৰাজ উদ্দিনে হঠাতে স্বেচ্চাসেৱক বাহিনীটো দেখিলে৷ সিহঁত ল’ৰীখনতে
বহি আছিল৷ সিহঁত যাবলৈয়ে লৈছিল তেনেতে চিৰাজ উদ্দিনে সুধিলে “বাচাহঁত মোৰ চাকিনাক
বিচাৰি পালানে?”
গোটেইকেইটাই
একেলগে চিঞৰি উঠিল, “আমি বিচাৰিম, আমি বিচাৰিম৷” লৰাজাকৰ সৈতে ল’ৰীখন গুচি গ’ল৷ চিৰাজ
উদ্দিনে পুনৰ স্বেচ্ছাসেৱক দলটোৰ সফলতাৰ বাবে দোৱা মাগিলে৷ তাৰ অন্তৰখন শাত পৰি গ’ল৷
আবেলিলৈ
শিবিৰত অলসভাৱে বহিথাকোঁতেই চিঞৰ-বাখৰ কিছুমান চিৰাজ উদ্দিনৰ কাণত পৰিলহি৷ চাৰিজন
মানুহে ষ্ট্ৰেচাৰ এখনত ছোৱালী এজনীক কঢ়িয়াই আনিছে৷ খবৰ কৰাত জানিব পাৰিলে যে ৰেল
লাইনৰ ওচৰত তাই অজ্ঞান হৈ পৰি আছিল৷ সিও মনুহকেইজনৰ পাছ ল’লে৷
ছোৱালীজনীক
এখন হাস্পাতালত ভৰ্তি কৰাই মানুহকেইজন গ’লগৈ৷ হাস্পাতালৰ বাৰাণ্ডাৰ কাঠৰ খুটাটোতে
ভেজা দি চিৰাজ উদ্দিন থিয় দি থাকিল৷ কিছু সময়ৰ পাছত সি লাহে লাহে কোঠাটোৰ পিনে আগবাঢ়িল৷
নিৰ্জন কোঠাটোৰ ষ্ট্ৰেচাৰ এখনত শৱদেহ এটাৰ দৰে ছোৱালীজনীক পেলাই থোৱা হৈছিল৷ চুটি
চুটি খোজেৰে সি সেই দিশে যাবলৈ ধৰিলে৷
কোনোৱে
কোঠাৰ লাইটটো জলাই দিলে৷
চিৰাজ উদ্দিনে সেই দেহটোৰ শেতা পৰা
গালত জিলিকি থকা মাহটো দেখি চিৎকাৰ কৰি উঠিল, “চাকিনা!”
লাইটটো জলাই দিয়া ডাক্তৰজনে সুধিলে,
“কোন হয়?”
“মই… মই তাইৰ দেউতাক৷” শুকাই যোৱা
ডিঙিৰে কোনো মতেহে মাতষাৰ বাহিৰ হ’ল৷
ডাক্তৰজনে ষ্ট্ৰেচাৰত পৰি থকা দেহটোৰ
হাতৰ নাড়ীবেগ পৰীক্ষা কৰি চাই ক’লে, “খুলি দিয়া”৷
ষ্টেচাৰখনত পৰি থকা দেহটোৱে লাহেকৈ
এঙামুৰি দিলে৷
প্ৰাণহীন হাতখনে ককালৰ ৰচিৰ গাঠি খুলিলে…
আৰু চেলুৱাৰটো তললৈ নমাই দিলে…
“তাই জীয়াই আছে! মোৰ ছোৱালীজনী জীয়াই
আছে!” বৃদ্ধ চিৰাজ উদ্দিন চিঞৰি উঠিল৷
ডাক্তৰজন শীতৰ দিনটো ঘামি গ’ল৷■ ■